বিহু মেলাৰ কথাৰে।       

বিহু বুলিলেই সকলোৰে গা মন হাতখন আঠখন হয়। অসমীয়া বাপুটি সাহোন বিহুটিক আদৰৰ হেঁপাহ সকলোৰে মনত থাকে তাক নুই কৰিব নোৱাৰি। বিহুৰ দিনাখন সৰুয়ে ডাঙৰক সেৱা কৰা নিয়ম আগৰ পৰাই প্ৰচলিত হৈ আহিছে। কিন্তু বৰ্তমান সময়ত আমাৰ মানুহবোৰে কিছুমান নতুন নিয়ম তৈয়াৰ কৰি লব ধৰিছে।এই নতুন নিয়মবোৰৰ এটা হৈছে বিহু মেলা পতা। শদিয়াৰ পৰা ধুবুৰী লৈকে এতিয়া যেন বিহু মেলা পতাৰ প্রতিযোগিতা। কোনে কিমান দামী গায়ক আনিব পাৰে আৰু কোনে কিমান সৰহ কৈ পুৰস্কাৰ   প্ৰদান কৰিব পাৰে। 

এই খিনি লৈকে ঠিকেই আছে নিজৰ জাতীয় উত্সৱটো ধুম ধামআৰে পালন কৰাটো মই ও বিচাৰো। কিন্তু বিহু মেলা পতাৰ নামত লাখ লাখ টকা খৰছ কৰি কোনোবা এজন বিশেষ মানুহক দান কৰাটো কিমান যুক্তিসংগত। সকলোবোৰ গাওঁ নগৰ বা চহৰতে আজিৰ দিনত এখনত কৈ অধিক বিহু মেলা পতা দেখা যায়। এই বোলে বহাগী আদৰণি বহাগী বিদায় আৰু কত যে কি। এই বিদায় আদৰণি সভাবোৰত এনেই পতা নাযায় তাৰ বাবে লাগে মোটা ৰকমৰ অৰ্থ আৰু এই অৰ্থ গোটোৱাৰ বাবে এখন কমিটি পাতি চেমনীয়া কে আদি কৰি ডেকা লৰা দুজন মানক অৰ্থ গোটোৱাৰ দায়িত্ব দিয়া হয়। আৰু এই বিয়কটি কেইজনেও দিনৰ দিনটো ৰাতিৰ ৰাতিটো ঘূৰি বহু কষ্ট কৰি টকা কেইটামান গোটাই। ইয়াৰ উপৰিও ৰাষ্টাইদি পাৰ হৈ যোৱা গাড়ীবোৰ ৰখাই ৰখাই ছিলিপ কাটি পইচা উঠোৱা বোৰ ত আছেই। সচাকৈ কৈছোঁ দেখি বৰ দুখ লাগে যেতিয়া আমি নিজৰ বাপুটি সাহোন বিহুটি পাতি বৰ বাবে এনেদৰে আনৰ আগত ভিশাৰীৰ দৰে হাত পাতি পইচা খুজিব লগা হয়। তাৰ উপৰি ইমান কষ্ট কৰি উঠোৱা পইচা কেইটা বিহুৰ দিনাখন আমন্ত্ৰণ কৰি অনা সেই বিশেষ কোনোবা জনক সোপাকেই দি দিব লগা হয়। ইয়াৰ অৰ্থ কি হল কোনোবা এজন ধনী হল আৰু অমিবোৰ একেদৰেই থাকিলো।লগতে বিভিন্ন সময়ত বিহুৰ নামত হোৱা বিতর্ক বোৰ ত আছেই। এই যে দিন ৰাত একাকাৰ কৰি পইচা উঠাই ফুৰা লৰা কেইটা সিহঁতৰ জানো কিবা লাভ হল তহঁত ত একেদৰেই থাকিল। পাছদিনাৰ পৰা পুনৰ পুলটোত বহি আড্ডা মাৰিব আৰু অহা বছৰ বিহুত কি কৰিব তাৰে আলোচনা কৰিব।

এনেদৰেই চলি থাকিব দিন কাল। অপ্ৰিয় হলেও সত্য যে এখন ঠাইত এখনত কৈ অধিক বিহু মেলা পাতিলে সকলো ৰাইজকৰ ওপৰত অলপ হলেও হেঁচা পৰে। বিহুটিৰ খাতিৰত সকলোৱে হয়তো মুক্ত হস্ত দান কৰে। লাখ লাখ টকা উৰুৱাই দিয়া হয় বিহু মেলাৰ নামত। ইয়াৰ পৰা কাৰ কি উপকাৰ হয় মই ধৰিব নোৱাৰো। নিবনুৱা বোৰত নিবনুৱায়ে হৈ থাকিল। বিহু মেলা পতাকা লৈ মোৰ কোনো আক্ষেপ নাই কিন্তু কথা হল আমি বাৰু এই বিহু মেলা বোৰ অলপ কমাই পাতিব নোৱাৰোনে। ৰাষ্টাইদি গলে বিহুমেলাৰ পোষ্টাৰ বোৰ দেখি confused হৈ যাও । ইয়াৰ উপৰি কাজিয়া পেছাল, দুৰঘটনা ইত্যাদি বোৰ ত আছেই। এনেকৈ জানো অসমৰ জাতীয় সংস্কৃতি ৰৈক্ষা কৰিব পাৰি এবাৰ ভাৱকক চোন আপোনালোকে। বিহু বুলিলেই গা হাতখন আঠখন লগা মন বোৰ যেন এতিয়া সলনি হৈছে ইয়াৰো কাৰণ নোহোৱা নহয়। । বহাগ আৰম্ভ হোৱাৰ আগৰ পৰাই বিহু মেলা আৰম্ভ হয় একেবাৰে চতৰ শেষৰলৈকে নাম দিয়ে বহাগী  বিদায় বৈদ্যুতিক মাধ্যয়ম সমূহেও এই অনুষ্ঠান সমূহ খুব উদ্যমেৰে সম্প্ৰচাৰ চলাই হয়তো এয়া বানিজ্যিকৰণ, হয়তো এইয়া পৰিৱৰ্তন বা এইয়া আধুনিকতা। যি কি নহওক আগত কোৱাৰ দৰে এতিয়াও কওঁ যে বিহু মেলা পতাৰ বাবে মোৰ কোনো আক্ষেপ নাই বা কাকো আক্ৰমণ কৰি মই লেখাটি লিখা নাই বৰঞ্চ নিজৰ মনৰ ভাব ব্যক্ত কৰিছোঁ।বিহুৰ নামত কৰা বেপাৰ বিহুৰ নামত কৰা অপপ্ৰচাৰ আৰু বিহুক লৈ কৰা ৰাজনীতিবোৰ যাতে বন্ধ হয়।

Advertisements
Standard