।।।।।  পূজাৰ আৰম্ভণি।।।।

পূজা পালেহিয়ে। সকলো ফালে এতিয়া মাথো পূজাৰ প্ৰস্তুতি দেখিয়ে কিবা ভাল লাগে। এইবোৰ দেখাৰ পাছত ঘৰ যোৱাৰ হেঁপাহ দুগুণে বাঢ়ে। আমি উনিভাৰ্চিটিত থকা দিন কেইটাত ও এনেকুৱাই হৈছিল শেৱালি ফুল ফুলা আৰু পূজাৰ পেণ্ডেল দিয়া আৰম্ভ কৰিলেই আমাৰ যেন ঘৰ যোৱাৰ প্ৰতিযোগিতা হৈছিল । যাৰ বাবে আমি নিজে নিজে বন্ধ দি ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ । উনিভাৰ্চিটিৰ জ্যোতিবাটচৰাত দম দম লৰা ছোৱালীৰ ভিৰ সকলো এটি এটি ঘৰমুৱা পক্ষী।

বর্তমান ও সেই একেই অৱস্থা পূজাৰ পেণ্ডেল দিয়া আৰম্ভ কৰাৰ লগে লগে মোৰ মনটো ও ঘৰলৈ বেছি কৈ উৰা মাৰে। কিন্তু ! সময় সলনি হৈছে উনিভাৰ্চিটিৰ দিনবোৰৰ দৰে এতিয়া আৰু নিজে নিজে বন্ধ দি লব নোৱাৰো। কথাবোৰ ভাবিলে সময় বোৰ পুনৰ ঘূৰাই অনু যেন অনুভৱ হয়। টাইম মেচিন এটাকে থকা হলে পাই।।।

Advertisements
Standard