মেজিকৰ চিঠি

মৰমৰ দাদা,

মৰম লব আশা কৰো আপোনাৰ ভাল। মোৰ কিন্তু একদম ভাল নহয়। আপুনি আজি কালি দেখোন মোৰ কোনো খবৰয়েই নাৰাখে। মাথো পইচা কেইটা লৈ হে বাট চাই থাকে। মোৰ ভাল বেয়া খবৰ ৰাখিবলৈ আপোনাৰ সময় নাই ,কলীয়া মাৰুটি জনীকে লৈ বৰ বিয়স্ত হৈ থাকে কিনো কাম কৰে তাই। কিনো কম আপোনাক অকলে অকলে কথাবোৰ ভাবিলে মোৰ দুখেই লাগে। প্ৰথম যিদিনা মোক ঘৰলৈ আনিছিল সিদিনা মোক ঘৰৰ সকলোৱে মিলি মালা পিন্ধাই আদৰিছিল। মোক ঘৰলৈ অনাৰ আনন্দত মায়ে টিলিঙা মন্দিৰত গৈ চাকি ও এগছি জ্বলাইছিল। আহ কি দিন আছিল সেইবোৰ। মোৰো যে কি আনন্দ লাগিছিল।

কিন্তু কি হব সময় জানো সদায় একে থাকে। ভাড়া মাৰি মাৰিয়ে জীৱনটো যায় যায় অৱস্থা কিন্তু কাৰো সময় নাই মোৰ এটা খবৰ লবলৈ। মাথো গধূলি সময়ত পইচা কেইটা ঘৰ সোমালেই হল। ৰাস্তাৰ যি অৱস্থা থেকেচনী মেকেছনিত মোৰ জীৱ যাও যাও হয়। তাৰ উপৰি পান জপা দি মানুহবোৰ টো জাপিয়ে থাকে। মোৰ কেতিয়াবা খঙেই উঠে কিন্তু মই নো কি কৰিব পাৰো মালিকে যেনেকৈ চলাইছে তেনেকৈয়ে চলি গৈ আছো। দাদা মোকো অলপ আনৰ দৰে মৰম কৰিবচোন, মোকো কেতিয়াবা আৰাম দিবচোন, মোৰ ওপৰত ইমান বেছি বেছি মানুহ নুঠাব চোন। মাৰুটিৰ দৰে মোকো কেতিয়াবা দূৰলৈ ফুৰাবলৈ নিবচোন।
প্ৰান্তত আপোনাৰ

।।।মেজিক।।।

Advertisements
Standard

2 thoughts on “মেজিকৰ চিঠি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s